উৎস: https://origami.me


ওপৰৰ ফটোখন origami.me ৱেবচাইটটোৰ পৰা লোৱা হৈছে। অ'ৰিগেমি কি আমি সকলোৱে জানো আৰু কাগজৰ উৰাজাহাজ উৰুৱাই এবাৰলৈ হ'লেও আমি সকলোৱে "পাইলট্" হৈছোঁ। উৰাজাহাজ আকাশত উৰে আৰু আকাশৰ ওপৰত থাকে মহাকাশ যি আছে বিশ্বব্ৰহ্মাণ্ড বা মহাজগতত।

মহাজগতখন অনবৰতে প্ৰসাৰিত হৈ আছে আৰু সম্পূৰ্ণ মহাজগতখন পৰ্যবেক্ষণ কৰিব পৰাও সম্ভৱ হৈ উঠা নাই। তথাপিও মহাকাশৰ যি অংশ পৰ্যবেক্ষণ কৰিব পৰা হৈছে তাৰ ব্যাসাৰ্ধ হৈছে ৯৩ নিখৰ্ব (বিলিয়ন) আলোকবৰ্ষ। অৰ্থাৎ  ২৯,৯৭,৯২,৪৫৮ (~ ৩×১০^৮) মিটাৰ প্ৰতি চেকেণ্ড বেগেৰে গতি কৰা পোহৰে ৯৩ নিখৰ্ব (বিলিয়ন) বছৰত যিমান দূৰত্ব অতিক্ৰম কৰিব। চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হৈছে ৩,৮৪,৪০০ কিলোমিটাৰ বা ৩.৯৬x১০^-৮ আলোকবৰ্ষ।

এই দূৰত্ব অতিক্ৰম কৰিবলৈকে অতবোৰ দেশে মহাকাশযান বনাই চন্দ্ৰলৈ যোৱাৰ কোটিটকীয়া "প্লেন্" বনাইছে কিন্তু অৰিগেমিৰ সহায় ল'লে এখন কাগজৰ সহায়তে এই কাম কৰিব পৰা যাব। 

কাগজ এখন সমানে ভাঁজ কৰি কৰি ৩০টা ভাঁজ কৰিলে আকাশৰ ওপৰত থকা দেখাত ক'লা ৰঙৰ মহাকাশখনক পোৱা যাব। আৰু চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কাগজখনক ৪২বাৰ সমানকৈ ভাঁজ কৰিব লাগিব। 
ইমানলৈকে কৰিব পাৰিলে আৰু কেইটামান ভাঁজ দি  ৮১টা ভাঁজ কৰিব পাৰিলে কাগজখনৰ উচ্চতা "এন্দ্ৰ'মিডা গেলেক্সি"ৰ সমান শকত হ'বগৈ যি হৈছে ১,২৭,৭৮৬ আলোকবর্ষ। 
অৱশ্যে ইয়াক (কাগজখনক) পৰ্যবেক্ষণ কৰিব পৰা মহাজগতৰ ব্যাসাৰ্ধৰ সমান কৰিবলৈ হ'লে ১০৩বাৰ ভাঁজ কৰিব লাগিব।

কাগজ এখন এইদৰে ভাঁজ কৰি মহাজগত বনোৱাৰ কথাই হওঁক বা আকাশত চাং পতা কথাই হওঁক, এইবোৰ গণিতৰ দৃষ্টিৰে শুদ্ধ যদিও বাস্তৱত অসম্ভৱ। ক'বলৈ গ'লে আমাৰ দৰে এখন সাধাৰণ কাগজ এইদৰে এখন মহাকাগজ বা অতিকাগজ হোৱাৰ কথা কাগজ-কলমতে সীমাবদ্ধ।

Post a Comment

Previous Post Next Post