Loneliness: নিঃসংগতা, একাকিত্ব

Tom: "People don't realize this, but loneliness is underrated."
(500 Days of Summer, চিনেমা, ২০০৯)

২০১৬ চনত Centre for the Study of Developing Societies আৰু Konrad Adenauer Stiftung এ চলোৱা এটা যুটীয়া সমীক্ষাৰ ফলাফল ২০১৭ চনত প্ৰকাশ কৰা হৈছিল। এপ্ৰিল ২০১৭ত ফলাফল প্ৰকাশ কৰা এই সমীক্ষাত ১৫ ৰ পৰা ৩৪ বছৰৰ ভাৰতীয় কিছুমানক অধ্যয়ন কৰা হৈছিল। ইয়াৰে ১২% লোকে হতাশা আৰু ৮% লোকে নিঃসংগতা অনুভৱ কৰিছিল (উৎস)। ২০০৪ ত কৰা আন এক সমীক্ষামতে ৪৯.১ লাখ অকলে বসবাস কৰা ভাৰতীয় লোকে নিঃসংগতা অনুভৱ কৰিছিল (উৎস)। পৃথিৱীৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে সময়ছোৱাৰ বৰ্তমান অৱস্থাতে আমি আটাইতকৈ বেছি 'কানেক্টেড' কিন্তু তথাপিও নিঃসংগতাৰ হাৰ ঊৰ্ধগামী। কিয় সেয়া এক ভাবিবলগীয়া কথা। তেনে আন এক ভাবিবলগীয়া কথা আছিল চন্দ্ৰপৃষ্ঠত মানুহে পদাৰ্পণ কৰাটো। ১৯৬৯ চনৰ নাছাৰ এপ'ল'-১১ অভিযানতে মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। 

নীল আৰ্মষ্ট্ৰং হৈছে চন্দ্ৰত খোজ পেলোৱা প্ৰথমজন মানুহ আৰু এডুইন "বাজ" অলড্ৰিন হৈছে দ্বিতীয়জন মানুহ। আৰু তিনিজনীয়া এই মিছনৰ তৃতীয়জন মহাকাশচাৰী আছিল মাইকেল কলিন্‌ছ।  তেওঁ চন্দ্ৰপৃষ্ঠত অৱতৰণ নকৰি চন্দ্ৰক কমাণ্ড মড‍্যুলত থাকি প্ৰদক্ষিণ কৰিছিল যাতে নীল আৰ্মষ্ট্ৰং আৰু এডুইন অলড্ৰিনে চন্দ্ৰপৃষ্ঠ এৰি আহি তেওঁৰ লগত সংযুক্ত হ'ব পাৰে। চন্দ্ৰক প্ৰদক্ষিণ কৰোঁতে তেওঁ পৃথিৱীৰ পৰা নেদেখা চন্দ্ৰৰ অংশচোৱাকো ৪৮ মিনিটৰ বাবে প্ৰদক্ষিণ কৰিছিল। এই সময়ছোৱাত তেওঁ ৰেদিঅ' সংযোগো ব্যৱহাৰ কৰিব পৰা নাছিল আৰু পৃথিৱী আনকি তেওঁ লগৰ আন দুগৰাকী মহাকাশচাৰীৰ লগতো সংযোগ হেৰুৱাইছিল। গতিকে তেৱে‍ঁই পৃথিৱীৰ আদিম অৱস্থাৰ পৰা আজিলৈকে আন মানুহৰ লগত আটাইতকৈ সংযোগবিহীন মানুহ। বা আটাইতকৈ নিঃসংগ মানুহ । 
কিন্তু আমি নিঃসংগ হওঁ কিয়? আমাৰ ভোক কিয় লাগে? আমাৰ ভোক লাগে খাদ্যৰ অভাৱত। তেনেদৰেই আমি নিঃসংগ অনুভৱ কৰো লগ বা সংগৰ অভাৱত। আচলতে ই এক সাধাৰণ অনুভৱ(?)।

আদিম অৱস্থাত মানুহে দল পাতি বসবাস কৰিছিল। চিকাৰ আদি কামৰ বাবে দলবদ্ধ হোৱাটো প্ৰয়োজনীয় আছিলে। সেইসয়মত দলৰ পৰা আঁতৰি যোৱা মানেই জীৱন আৰু মৰণৰ অনিশ্চয়তাত ভোগা নিচিনা আছিলে। তেতিয়াৰ পৰা আমাৰ মস্তিষ্কৰ বহুত বিকাশ ঘটিছে যদিও তেতিয়াৰে পৰাই লগ-সংগ আমাৰ বাবে প্ৰয়োজনীয় (অন্ততঃ আমাৰ মস্তিষ্কৰ বাবে)।

অৱশ্যে লগ সংগ থাকিলেও আমি নিঃসংগ অনুভৱ কৰো বা অকলে থাকিও আমি নিঃসংগতা অনুভৱ নকৰো। কথকী হ'লেও 
নিঃসংগতা অনুভৱ হয় বা কম কথা কোৱা লোকসকলেও নিঃসংগতা অনুভৱ কৰে বা নকৰাকৈ থাকে। সকলো লোকেই জীৱনত এবাৰ হ'লেও নিঃসংগতাক অনুভৱ কৰে। কিন্তু নিঃসংগতাই বহুতো বেয়া বস্তু কঢ়িয়াই আনে। বহুত দিন বা মাহ বা বছৰ ধৰি নিঃসংগ হৈ থাকিলে এজন মানুহ আন মানুহৰ লগত সহজে মিলিব নোৱাৰা হ'বও পাৰে। গতিকে এই অনুভৱটো (মানুহৰ মাজত) সাধাৰণ আৰু জটিল। ইয়াৰ ফলত মানুহ ক্ষিপ্ৰগতিত বয়সীয়াল হয়, Alzheimer ৰ আশংকা বাঢ়ে আৰু বেমাৰ প্ৰতিৰোধ কৰা ক্ষমতাও কমি যায়। নিঃসংগতা বহুত দিন অনুভৱ কৰি থাকিলে মানুহে নিজকে আনৰ পৰা আঁতৰাই ৰাখিবলৈয়ো ধৰে বা আনক বিশ্বাসত ল'বলৈয়ো টান পায়। বন্ধুবৰ্গ আৰু সমাজৰ পৰাও নিজকে আঁতৰাই আনে ফলত নিঃসংগতাৰ লগতে হতাশাও অনুভৱ কৰে। যি একেবাৰে ভাল কথা নহয়। গতিকে যিমান সোনকালে পাৰি সিমান সোনকালেই এই নিঃসংগতাৰ পৰা আঁতৰি অহাটো ভাল।

ভয়েজাৰ-১ ত নাছাই পঠিওৱা Golden RecordWillie Johnson ৰ  "Dark Was the Night, Cold Was the Groundশীৰ্ষক এটা গানো আছে যি বৰ্তমান সৌৰজগতৰো বাহিৰত আছে। এই গানটোৱে নিঃসংগতাৰ কথাও বুজায়। কিবা এলিয়েন স্পিচিছে পালে এই ৰেকৰ্ডটো শুনি পৃথিৱীৰ বিষয়ে জানিব পাৰিব বুলি ভৱিয়ে এই গানটো Golden Recordত সন্নিবিষ্ট কৰা হৈছে। গতিকে নিঃসংগতা এক সাধাৰণ অনুভৱ। কিন্তু আপোনাক মানসিকভাৱে ভাঙি পেলোৱাৰ আগতেই ইয়াক ভয়েজাৰ-১ ৰ দৰেই আপোনাৰ সৌৰজগতৰ পৰা দূৰলৈ পঠিয়াওঁক কাৰণ আপুনিও জানে যে সাধাৰণ যদিও ই বৰ জটিল অনুভৱ। আৰু যদি আপুনি বৰ্তমান নিজকে নিঃসংগ বা Lonely যেন অনুভৱ কৰিছে তেন্তে Fight Club খোলাৰ এই পথ এৰক আৰু সোনকালে আপোনাৰ ভাল লগা কিবা কামত ধৰক।
:)

2 Comments

Post a Comment

Previous Post Next Post