ওপৰৰ ঠাইখিনিত কোনো ধৰণৰ শব্দ, বাক্য, আখৰ, সংখ্যা বা চিহ্ন আদি নাই। অৰ্থাৎ ওপৰৰ ঠাইখিনি শূন্য, ৰিক্ত বা খালী।
মহাকাশক মহাশূন্য বুলি কোৱা হয় কাৰণ তাত আনকি বায়ুও নাথাকে। গতিকে তাত পৃথিৱীৰ পৰা দেখা ধৰণে তৰাবোৰে তিৰবিৰাইয়ো নাথাকে কাৰণ পোহৰৰ প্ৰতিসৰণ হৈ তিৰ‍‌্‌বিৰ্ কৰিবলৈ তাত বায়ুমণ্ডল নাই। গতিকে তাত "Twinkle Twinkle Little Star"বোৰেও 'Twinkle' নকৰে আৰু মহাকাশত এই কবিতাটোৰ সত্য হোৱাৰ মান আৰু অৱস্থিতিও শূন্য।

কিন্তু কিমান শূন্যক একেবাৰে শূন্য বুলি ধৰিব পাৰি? কিমান কম পৰিমাণৰ বস্তু থাকিলে তাত একো বস্তু নাই বুলিব পাৰি? 
Vacuum মেচিনৰ সহায়ত বায়ুৰ পৰিমাণ হ্ৰাস কৰিব পাৰি কিন্তু আটাইতকৈ ভাল Vacuum ব্যৱহাৰ কৰিও সম্পূৰ্ণ শূন্যতাৰ সৃষ্টি কৰিব নোৱাৰি। আনকি মহাকাশখন মহাশূন্য যদিও তাত বহুতো উপাদান আছে। চকুহাল মুদিলে আমি একো নেদেখোঁ বুলি কওঁ কিন্তু আমি জানো সঁচাকৈয়ে একোকে নেদেখোঁ?

শূন্য (০) অংকটো আৰ্য্যভট্টই উদ্ভাৱন কৰিছিলে। কিবা এটা কথা শুদ্ধ হ'লে মোবাইল/কম্পিউটাৰ আদিয়ে ১ বুলি প্ৰতিক্ৰিয়া কৰে আৰু ভুল হ'লে ০ বুলি। ল'জিক গেটসমূহতো এই ১ আৰু ০ ৰে ব্যৱহাৰ কৰা হয়। আনকি এতিয়া আপুনি পঢ়ি থকা আখৰসমূহো ১ আৰু ০ ৰ যোগেদি লিখা হৈছে।

০! বা 0! (Zero Factorial/Factorial Zero) ৰ মান ১ হয়।
অৰ্থাৎ একো এটা বস্তু নাথাকিলেও তাক এটা ধৰণে সজাব পাৰি মানে বস্তুটো নথকাধৰণেই সজ্জিত হৈ আছে। আধালৈকে পানী ভৰ্তি হৈ থকা গিলাছ এটাৰ খালী অংশও সম্পূৰ্ণৰূপে খালী নহয়। 

মুঠতে শূন্য সকলোতে আছে আৰু নাইয়ো। সেয়ে কেতিয়াবা Lonely বা অকলশৰীয়া যেন অনুভৱ কৰিলে শূন্যতা আমি আমাৰ গাতে বিচাৰি পাওঁ আনহাতে কেতিয়াবা 'খালী বাছ'ৰ চিটসমূহৰ দৰেই শূন্যতাক দৰৱত দিবলৈও বিচাৰি পোৱা নাযায়। 

Post a Comment

Previous Post Next Post