ধৰি লওঁক আপুনি এখন খেল খেলিছে আৰু খেলখন জিকিলে আপুনি এটা উপহাৰ পাব। উপহাৰটো আছে এখন নিৰ্দিষ্ট দুৱাৰৰ পাছফালে। উপহাৰটো পাবলৈ আপুনি সেই দুৱাৰখন খুলিব লাগিব কিন্তু দুৱাৰ আছে ৩খন।

আপুনি খেল খেলাওঁতাজনক দুৱাৰ-১ খন খুলিবলৈ ক'লে। কিন্তু তেওঁ দুৱাৰ-২ খন খুলিলে আৰু উপহাৰটো সেইখন দুৱাৰৰ পাছত নাছিল।
গতিকে এতিয়া উপহাৰটো দুৱাৰ-১ বা দুৱাৰ-৩ ৰ যিকোনো এখনৰ পাছতে আছে। খেল খেলাওঁতাজনে আপোনাক সুধিলে-"আপুনি এতিয়াও দুৱাৰ-১ খনকে খুলিব বিচাৰে নে আপুনি সিদ্ধান্ত সলাই দুৱাৰ-৩ খন খুলিব খোজে ?"

দুয়োখন দুৱাৰৰ পাছতে দেখোন এতিয়া উপহাৰ পোৱাৰ সম্ভাৱনা ৫০-৫০। আপুনি সম্ভাৱিতাৰ বিষয়ে জানে আৰু এয়াও জানে যে দুৱাৰ-১ খনকে খুলিবলৈ ক'লেও একো নহয়। কিন্তু... প্ৰকৃততে এতিয়া সম্ভাৱনা ৫০-৫০ হয় জানো?!

মন্তি হল প্ৰব্লেম বা পেৰাডক্সৰ নামাকৰণ "Let’s Make a Deal" নামৰ শ্ব'খনৰ হ'ষ্ট Monty Hall-ৰ নামেৰে কৰা হৈছে। এই কুটাভাসটোৰ উত্তৰটো সাধাৰণ ধাৰণাৰ বাহিৰৰ।

দেখাত দুৱাৰ-১ আৰু দুৱাৰ-৩ ৰ যিকোনো এখনৰপাছতে উপহাৰ পোৱাৰ সম্ভাৱনা ৫০-৫০ যেন লাগিলেও এনে নহয়। আপুনি দুৱাৰখন সলালে উপহাৰটো পোৱাৰ সম্ভাৱনা অধিক হৈ যায়।


উত্তৰটো বুজিবলৈ ধৰাহ'ল, আপুনি দুৱাৰ-১ খনকে খোলাৰ সিদ্ধান্ত লৈছে। খেল খেলাওঁতাই উপহাৰটো কোনখন দুৱাৰৰ পাছত আছে জানে, সেয়ে তেওঁ পাছফালে উপহাৰ নথকা এখন দুৱাৰ খুলি দিলে। আৰু আপুনি দুৱাৰ-১ খোলাৰ সিদ্ধান্ত সলাই বাকী থকা দুৱাৰখন খুলিবনে বুলি সুধিলে। 
এতিয়া তিনিটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে:

ক)যদি উপহাৰটো দুৱাৰ-১ৰ পাছফালে আছে: খেল খেলাওঁতাজনে দুৱাৰ-২ খন খোলে, আৰু পাছৰবাৰ আপুনি দুৱাৰ-১ খোলাৰ সিদ্ধান্ত সলাই দুৱাৰ-৩ খোলে। আপুনি উপহাৰটো নাপালে। 

খ)যদি উপহাৰটো দুৱাৰ-২ৰ পাছফালে আছে: খেল খেলাওঁতাজনে দুৱাৰ-৩ খন খোলে, আৰু পাছৰবাৰ আপুনি দুৱাৰ-১ খোলাৰ সিদ্ধান্ত সলাই দুৱাৰ-২ খোলে। আপুনি উপহাৰটো পালে।

গ)যদি উপহাৰটো দুৱাৰ-৩ৰ পাছফালে আছে: খেল খেলাওঁতাজনে দুৱাৰ-২ খন খোলে, আৰু পাছৰবাৰ আপুনি দুৱাৰ-১ খোলাৰ সিদ্ধান্ত সলাই দুৱাৰ-৩ খোলে। মানে এইবাৰো আপুনি উপহাৰটো পালে।

গতিকে আপুনি দ্বিতীয়বাৰ সুযোগ পাওঁতে সিদ্ধান্ত সলাই দুবাৰ জিকিব পৰাৰ আৰু এবাৰ হাৰিব পৰাৰ সম্ভাৱনা আছে।
অৰ্থাৎ আপুনি প্ৰথমতে খুলিব খোজা দুৱাৰখন দ্বিতীয় সুযোগত সলালে জিকাৰ সম্ভাৱনা ৬৬% আৰু হৰাৰ সম্ভাৱনা ৩৩% হে হ'ব, ৫০-৫০ নহয়। 
😀

Post a Comment

Previous Post Next Post