কুটাভাস (Paradox)

দেখাত স্ববিৰোধী যেন লগা উক্তি বা মত, যিটো চালি-জাৰি চালে শুদ্ধ যেনও লাগে -xobdo.org 

কুটাভাস বা Paradox হৈছে এনে এটা উক্তি যি নিজৰে বিৰোধ কৰে বা এনে এক উক্তি যি সাধাৰণ ধাৰণাৰ বিৰোধ কৰে। ভালকৈ বুজিবৰ বাবে তলত ইয়াৰ উদাহৰণৰ সৈতে ভাগসমূহ উল্লেখ কৰা হ'ল।

Quine এ কৰা কুটাভাসৰ ভাগকৰণ:-

Veridical Paradox: এনে কুটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুনিবলৈ অযুক্তিকৰ কিন্তু বাস্তৱত সত্য। উদাহৰণস্বৰূপে 'মন্তি হল পেৰাডক্স'। মন্তি হল কুটাভাসৰ এটা সংস্কৰণে সদায় দুটা বস্তুৰ ভিতৰৰ যিকোনো এটাত মনে বিচৰা এটা বস্তু পোৱাৰ সম্ভাৱিতা ৫০-৫০ যেন লগা সাধাৰণ ধাৰণা এটাক ভুল বুলি প্ৰমাণিত কৰে। অৰ্থাৎ যদি দুটা খামৰ এটা খামত ১০০০ টকা আছে আৰু আনটো খাম খালি তেন্তে আপুনি যিকোনো এটা খামত ১০০০ টকা পোৱাৰ সম্ভাৱিতা ৫০-৫০ যেন লাগে কিন্তু আচলতে নহয়। (অৱশ্যে ই বিশেষ কিছুমান ঘটনাৰ ক্ষেত্ৰতহে প্রযোজ্য।)

Falsidical Paradox: এনে কুটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুনিবলৈয়ো অযুক্তিকৰ আৰু বাস্তৱতো অসত্য। উদাহৰণস্বৰূপে ১=২ ৰ গাণিতিক প্ৰমাণ য'ত শূন্যৰে শূন্যক হৰণ কৰা হয়। অৰ্থাৎ এনে উক্তিসমূহ কিছুমান ভুল তথ্যৰ ওপৰত নিৰ্ভৰ কৰে যাৰ বাস্তৱত কোনো অস্তিত্ব নাই। 

Antinomy: এনে কুটাভাসৰ অন্তৰ্গত উক্তিসমূহ শুদ্ধও নহয়, ভুলো নহয় বা শুদ্ধও হ'ব নোৱাৰে আৰু ভুলো হ'ব নোৱাৰে। উদাহৰণস্বৰূপে The Grandfather Paradox (ককাদেউতাৰ কুটাভাস) ৰ কথা ক'ব পাৰি। ধৰি লওঁক যদি আপুনি কেনেবাকৈ অতীতলৈ সময় যাত্ৰা কৰি আপোনাৰ ককাদেউতা সৰু হৈ থাকোতেই তেওঁক মাৰি পেলাবলৈ সক্ষম হয় তেন্তে আপোনাৰ পিতৃৰ জন্মই নহ'ব অৰ্থাৎ আপোনাৰো জন্ম নহ'ব। তেন্তে আপুনি অতীতলৈ গৈ তেওঁক কেনেকৈ তেওঁৰ সৰু কালত মাৰিব পাৰিব?! 

আন এটা উদাহৰণ হৈছে- যদি কোনোবাই কয় যে তেওঁ মিছা কথা কৈছে তেন্তে সেই সময়ত তেওঁ সঁচা কথা ক'ব লাগিব, কিন্তু তেওঁ সঁচা কথা কেনেকৈ ক'ব যদি তেওঁ মিছা কথাহে কৈছে?

এয়াই হৈছে কুটাভাস বা Paradoxৰ সাধাৰণ অৰ্থ আৰু ইয়াৰ ভাগসমূহ (Quineৰ মতে)।

Post a Comment

Previous Post Next Post