["Paper Town" ৰ শব্দ দুটাক অসমীয়ালৈ অনুবাদ কৰি "কাগজৰ নগৰ" বুলি লিখা হৈছে। ইয়াৰ অসমীয়া প্ৰতিশব্দটো জানিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ।]

কাগজৰ নগৰ হৈছে মানচিত্ৰাংকণ বিদ্যাত (Cartography) ব্যৱহাৰ কৰা এবিধ কৌশল। এইসমূহ হৈছে Trap Street বা ৰাস্তাৰ ফান্দ। (অৱশ্যে কেতিয়াবা ভুলৰ পৰিণামস্বৰূপেও কাগজৰ নগৰৰ সৃষ্টি হয়।)
কাগজৰ নগৰসমূহ কেৱল মানচিত্ৰতহে থাকে আৰু এই পৃথিৱীত এইবোৰৰ একো অৱস্থিতি নাথাকে। এই "ফান্দ পতা" কৌশল প্ৰয়োগ কৰা হয় মানচিত্ৰসমূহৰ স্বত্বাধিকাৰ ৰাখিবলৈ।

যদি কোনো ব্যক্তি বা সংস্থাই মানচিত্ৰসমূহ নকল কৰিবলৈ যায় তেতিয়া তেওঁলোকে এই ফান্দসমূহত পৰি কাগজৰ নগৰসমূহ তেওঁলোকৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব। ফলত তেওঁলোক ধৰা পৰি যাব পাৰে। 

কাগজৰ নগৰৰ উপৰিও কেতিয়াবা পাহাৰ, দোকান, ভুল ঠাইত ৰাস্তা বা উদ্যানৰ নাম প্ৰয়োগ কৰিও মানচিত্ৰসমূহ নিৰ্মাণ কৰা হয়।

উৎস: https://en.m.wikipedia.org/wiki/Phantom_settlement
https://en.m.wikipedia.org/wiki/Trap_street

Post a Comment

Previous Post Next Post